'ভূমি-ৰাজহ বিধেয়ক ২০২৬'-ক লৈ উদ্বেগ: মৰিগাঁৱত 'কলিতা-আলপাইন জনগোষ্ঠী সন্মিলন'ৰ স্মাৰক-পত্ৰ প্ৰদান
'অসম ভূমি আৰু ৰাজহ আইন (সংশোধনী) বিধেয়ক, ২০২৬'-এ থলুৱা কলিতা জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ খৰ্ব কৰিব পাৰে বুলি গভীৰ উদ্বেগ প্ৰকাশ কৰিছে 'কলিতা-আলপাইন জনগোষ্ঠী সন্মিলন'ৰ মৰিগাঁও জিলা সমিতিয়ে। সংবিধানিক সুৰক্ষা আৰু বিধেয়কখনৰ প্ৰয়োজনীয় সংশোধনৰ দাবীত জিলা সমিতিখনে মৰিগাঁও জিলা আয়ুক্তৰ মাধ্যমেৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিধানসভাৰ অধ্যক্ষলৈ এক স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।
স্মাৰক-পত্ৰত উল্লেখ কৰা অনুসৰি, অতীজৰে পৰা অসমৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক ভেটি নিৰ্মাণত অৰিহণা যোগাই অহা প্ৰায় ৭০ লাখ কলিতা লোকৰ ভূমিৰ অধিকাৰ সংৰক্ষণৰ ক্ষেত্ৰত এই বিধেয়কখনৰ কিছুমান বিশেষ ধাৰা তথা 'মূল বাসিন্দা'ৰ সংজ্ঞাই শংকাৰ সৃষ্টি কৰিছে। ঐতিহাসিক স্থানসমূহৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভূমি ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত কলিতাসকলক 'সুৰক্ষিত শ্ৰেণী'ৰ ভিতৰত স্পষ্টভাৱে অন্তৰ্ভুক্ত নকৰাত অসন্তোষ প্ৰকাশ কৰা হৈছে।
সংগঠনটোৰ মুখ্য দাবীসমূহ হৈছে সুৰক্ষিত শ্ৰেণীত অন্তৰ্ভুক্তি: 'অসম ভূমি আৰু ৰাজহ আইন, ২০২৬ (সংশোধনী)'ৰ অধীনত কলিতা জনগোষ্ঠীক 'সুৰক্ষিত শ্ৰেণী' আৰু 'মূল বাসিন্দা' হিচাপে আইনী স্বীকৃতি প্ৰদান কৰিব লাগে। Tribal Belts & Blocks তথা BTC অঞ্চলত যুগ যুগ ধৰি বসবাস কৰি অহা কলিতা লোকসকলৰ মাটিৰ অধিকাৰ সুৰক্ষিত কৰিব লাগে। দীৰ্ঘদিনীয়া দাবী অনুসৰি কলিতা জনগোষ্ঠীক জনজাতিকৰণ (ST) মৰ্যাদা প্ৰদান কৰি সাংবিধানিক সুৰক্ষা সুনিশ্চিত কৰিব লাগে। জনগোষ্ঠীয় প্ৰতিনিধিসকলৰ সৈতে কোনো আলোচনা নকৰাকৈ বা বিধেয়কখন পুনৰ্নিৰীক্ষণ নকৰাকৈ ইয়াক গৃহীত কৰিব নালাগে।
সন্মিলনৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি ইন্দ্ৰেশ্বৰ ৰাভা আৰু সাধাৰণ সম্পাদক বিজয় কলিতাই স্পষ্ট কৰি দিয়ে যে যদিহে চৰকাৰে এই ন্যায়সংগত দাবীসমূহ অমান্য কৰে, তেন্তে সমগ্ৰ জিলা তথা ৰাজ্যজুৰি গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব।


Post a Comment