Top News

আঘোণৰ বাটত আকৌ এবাৰ ভ্ৰাম্যমাণৰ শিহৰণ Update Theatre Rudra 2026

আঘোণৰ বাটত আকৌ এবাৰ ভ্ৰাম্যমাণৰ শিহৰণ। 2026-27 নাট্যবৰ্ষৰ বাবে সাজু হৈ উঠিছে ৰাজ্যৰ অন্যতম জনপ্ৰিয় নাট্যদল ‘থিয়েটাৰ ৰুদ্ৰ’। দেওবাৰে মাংগলিক পৰিৱেশত নাট্যদলটোৰ বৰ্ষটোৰ লাইখুঁটা স্থাপন সম্পন্ন হয়। অহা ২২ আগষ্টৰ পৰা আনুষ্ঠানিকভাৱে নাট্যযাত্ৰা আৰম্ভ কৰিবলগীয়া দলটোৱে এইবাৰ দৰ্শকৰ বাবে লৈ আনিছে তিনিখনকৈ আকৰ্ষণীয় নাটক।



সংস্কৃতিপ্ৰেমী ৰাইজৰ বাবে এক বিশেষ খবৰ। আজি ধৰ্মীয় নীতি-নিয়ম আৰু মাংগলিক অনুষ্ঠানৰ মাজেৰে ‘থিয়েটাৰ ৰুদ্ৰ’ৰ শুভ লাইখুঁটা স্থাপন কৰা হয়। অহা ২২ আগষ্টৰ পৰা সমগ্ৰ অসমতে নাট্য প্ৰদৰ্শনৰ যাত্ৰা আৰম্ভ কৰিব থিয়েটাৰ ৰুদ্ৰই। চলিত নাট্যবৰ্ষত নাট্যপ্ৰেমীক মুহিবলৈ দলটোৱে প্ৰস্তুত কৰি তুলিছে তিনিখন বিশেষ নাটক। ইয়াৰে দুখন নাটকৰ ৰচনা বিশিষ্ট নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ: মন বাগিছাৰ মজনু আৰু মোৰ প্ৰেয়সী তোমালৈ, ইয়াৰ উপৰিও নাট্যকাৰ চন্দন জ্যোতি ভূঞাৰ ৰচনাৰে মঞ্চস্থ হ’ব আন এক আকৰ্ষণীয় নাটক: এজাক বৰষুণৰ অপেক্ষাত

নাট্যপ্ৰেমী দৰ্শকক আকৌ এবাৰ মঞ্চৰ যাদুৰে মুগ্ধ কৰিবলৈ এতিয়া থিয়েটাৰ ৰুদ্ৰৰ শিল্পী তথা কলা-কুশলীসকলৰ মাজত পূৰ্ণদমে চলিছে আখৰা।



প্ৰতিটো বৰ্ষৰে দৰে এইবাৰো থিয়েটাৰ ৰুদ্ৰৰ এই নতুন নাটক কেইখনে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰিছে নাট্যপ্ৰেমীসকলে।




Post a Comment

Previous Post Next Post