Top News

ধেমাজিৰ নন্দিতা শইকীয়া হত্যাকাণ্ডৰ ৰায়দান


সমগ্ৰ ৰাজ্যকে জোকাৰি যোৱা ধেমাজিৰ নন্দিতা শইকীয়া হত্যা গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ডাঙৰ ৰায়দান। গোচৰটোৰ মূল অভিযুক্ত ৰিণ্টু শৰ্মাৰ মৃত্যুদণ্ডৰ শাস্তি বাতিল কৰিলে হাইক’ৰ্টে। মৃত্যুদণ্ডৰ পৰিৱৰ্তে ৰিণ্টুক আজীৱন কাৰাদণ্ডৰ নিৰ্দেশ ন্যায়ালয়ৰ।

উল্লেখযোগ্য যে, পূৰ্বে ধেমাজি সত্ৰ আৰু জিলা সত্ৰ ন্যায়াধীশৰ আদালতে ৰিণ্টু শৰ্মাক মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰিছিল। কিন্তু উচ্চ ন্যায়ালয়ে সেই ৰায়দান আংশিক সালসলনি কৰি আজীৱন কাৰাদণ্ড নিশ্চিত কৰে।

২০২১ চনৰ ২১ আগষ্টত ধেমাজিত সংঘটিত হৈছিল এই নৃশংস ঘটনা। মৰিধল কলেজৰ ছাত্ৰী নন্দিতা শইকীয়াক কলেজৰ পৰা ওভতাৰ পথত ৰিণ্টু শৰ্মাই উপৰ্যুপৰি চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত নন্দিতাই পাছত চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি ল’বলগীয়া হৈছিল।

এই চাঞ্চল্যকৰ হত্যাকাণ্ডই সমগ্ৰ অসমজুৰি প্ৰতিবাদৰ সৃষ্টি কৰিছিল আৰু অপৰাধীৰ কঠোৰতম শাস্তিৰ দাবী উঠিছিল। ধেমাজি আদালতে ৰিণ্টুক ফাঁচীৰ নিৰ্দেশ দিছিল যদিও বৰ্তমান গুৱাহাটী হাইক’ৰ্টে এই ৰায় পৰিৱৰ্তন কৰি আজীৱন কাৰাদণ্ডৰ ৰায় প্ৰদান কৰিছে।

এই ৰায়দানক লৈ এতিয়া সমগ্ৰ ধেমাজিতে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পাছতো নন্দিতা শইকীয়াৰ পৰিয়ালে ন্যায় পালে বুলি ভাবেনে?

আপোনাৰ মতামত কমেণ্টত জনাওক।

Post a Comment

Previous Post Next Post