কাইলৈ অনুষ্ঠিত হ’ব দেশ তথা ৰাজ্যৰ দৃষ্টি আকৰ্ষণ কৰা ০৯-নগাঁও লোকসভা সমষ্টিৰ বহু প্ৰত্যাশিত উপ-নিৰ্বাচন। এই নিৰ্বাচনৰ বাবে সমগ্ৰ নগাঁও আৰু মৰিগাঁও জিলাত নিৰ্বাচনী প্ৰস্তুতি এতিয়া তুংগত উঠিছে। কাইলৈ পুৱাৰে পৰা অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণৰ বাবে আজি পুৱাৰে পৰাই ভোটগ্ৰহণকাৰী বিষয়া-কৰ্মচাৰীসকলক যাৱতীয় নিৰ্বাচনী সামগ্ৰীসহ নিজ নিজ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে।
০৯-নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন ২০২৬ৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী। কাইলৈ, অৰ্থাৎ ৬ অক্টোবৰত পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ বাবে আজি পুৱাৰে পৰা মৰিগাঁও কলেজ খেলপথাৰ আৰু ষ্ট্ৰং ৰুম চৌহদত এক ব্যতিব্যস্ত পৰিবেশে বিৰাজ কৰে।
নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁও জিলাৰ মুঠ ৯৬৮টা ভোটকেন্দ্ৰলৈ নিৰ্বাচনী বিষয়া, প্ৰিজাইডিং বিষয়া আৰু পোলিং কৰ্মীসকলক কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত প্ৰেৰণ কৰা হৈছে।
আজি ৰাতিপুৱাৰে পৰা মৰিগাঁও মহাবিদ্যালয়ৰ মূল ডিষ্টিবিউশ্যন চেণ্টাৰত বিষয়া-কৰ্মচাৰীসকলৰ ভিৰ পৰিলক্ষিত হয়। প্ৰশাসনিক নিৰ্দেশনা আৰু নিৰীক্ষকসকলৰ উপস্থিতিত ষ্ট্ৰং ৰুমৰ পৰা ক্ৰম অনুসাৰে ইভিএম (EVM), ভিভিপাট (VVPAT) আৰু অন্যান্য নিৰ্বাচনী নথিপত্ৰসমূহ পৰীক্ষা-নিৰীক্ষা কৰি পোলিং দলবোৰক গতাই দিয়া হয়। প্ৰতিটো দলক সুৰক্ষিতভাৱে ভোটকেন্দ্ৰলৈ নিবলৈ প্ৰশাসনে বিশেষ বাছ আৰু বাহনৰ সুব্যৱস্থা কৰিছে।
৯৬৮টা ভোটকেন্দ্ৰত প্ৰস্তুতি সম্পূৰ্ণ
নগাঁও লোকসভাৰ অন্তৰ্গত মৰিগাঁও জিলাত মুঠ ৯৬৮টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰ ভিতৰত বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰ, মহিলাৰ দ্বাৰা পৰিচালিত আদৰ্শ ভোটকেন্দ্ৰ আৰু স্পৰ্শকাতৰ কেন্দ্ৰসমূহ বিশেষ নজৰত ৰখা হৈছে। জিলাখনৰ চৰ-চাপৰি তথা দুৰ্গম অঞ্চলৰ ভোটকেন্দ্ৰসমূহলৈ পোলিং পাৰ্টী আৰু নিৰাপত্তাৰক্ষীক আগতীয়াকৈ নাও আৰু বিশেষ বাহনেৰে প্ৰেৰণ কৰা হয় যাতে সময়মতে তেওঁলোকে কেন্দ্ৰসমূহত উপস্থিত হৈ সকলো ব্যৱস্থা সাজু কৰি তুলিব পাৰে।
ভোটগ্ৰহণ প্ৰক্ৰিয়া যাতে সম্পূৰ্ণ নিকা, শান্তিপূৰ্ণ আৰু নিৰ্বিঘ্নে সম্পন্ন হয়, তাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী বাহিনীয়ে বিশেষ সুৰক্ষা ব্যৱস্থা গঢ়ি তুলিছে।
প্ৰতিটো ভোটকেন্দ্ৰত অৰ্ধসামৰিক বাহিনী (CAPF) আৰু অসম আৰক্ষীৰ সশস্ত্ৰ জোৱান মোতায়েন কৰা হৈছে।
সমগ্ৰ জিলাখনত স্পৰ্শকাতৰ অঞ্চলসমূহত অহৰহ টহলদাৰী চলাই থকা হৈছে।
জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে নিজে উপস্থিত থাকি সকলো দিশ নিৰীক্ষণ কৰিছে আৰু ভোটাৰসকলক কোনো ভয়-ভীতি নোহোৱাকৈ ওলাই আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে।
কাইলৈ পুৱা ৭ বজাৰ পৰা আবেলি ৫ বজালৈকে সমষ্টিটোৰ ভোটাৰসকলে নিৰ্ণয় কৰিব প্ৰাৰ্থীসকলৰ ৰাজনৈতিক ভাগ্য।





Post a Comment