নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ আজি পুৱাৰ পৰাই সুকলমে আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৰাতিপুৱা ৭ বজাৰ লগে লগেই নিজ নিজ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ সন্মুখত শাৰী পাতিছে ভোটাৰসকলে। ইয়াৰ মাজতে পুৱা ৭ বজাতে ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে।
গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱত আজি অংশগ্ৰহণ কৰিছে নগাঁও লোকসভা সমষ্টিৰ ৰাইজে। পুৱা ৭ বজাৰ লগে লগে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয়। ভোটদান পৰ্ব আৰম্ভ হোৱাৰ ঠিক পিছতেই পুৱাতেই বজাতে উপস্থিত হৈ তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে নিজৰ ভোটদান সম্পন্ন কৰে। ভোটদান সাব্যস্ত কৰাৰ পিছত তেওঁ অঞ্চলটোৰ সমগ্ৰ ৰাইজক নিজ নিজ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়।
প্ৰশাসনৰ তৰফৰ পৰাও ভোটগ্ৰহণ কেন্দ্ৰসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়। সমষ্টিটোত শান্তি-শৃংখলাবদ্ধভাৱে ভোটগ্ৰহণ পৰিচালনা কৰিবলৈ সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে।



Post a Comment