মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ আন্তঃক্লাব এথলেটিকছ মিট-২০২৬ সফলভাৱে সামৰণি
মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু অসম এথলেটিকছ সন্থাৰ সহযোগত খিৰুদ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা দুদিনীয়া আন্তঃক্লাব এথলেটিকছ মিট-২০২৬ সফলভাৱে সামৰণি পৰে। ১৩ আৰু ১৪ জুনত অনুষ্ঠিত এই প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন ক্লাবৰ শতাধিক খেলুৱৈয়ে উৎসাহেৰে অংশগ্ৰহণ কৰে।
অনূৰ্ধ্ব-১৪, অনূৰ্ধ্ব-১৬, অনূৰ্ধ্ব-১৮, অনূৰ্ধ্ব-২০ আৰু জ্যেষ্ঠ শাখাত অনুষ্ঠিত এই প্ৰতিযোগিতাত দৌৰ, জাম্প, থ্ৰ' আদি বিভিন্ন এথলেটিকছ ইভেণ্ট অনুষ্ঠিত হয়। প্ৰতিযোগীসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়।
দুদিনীয়া এই ক্ৰীড়া উৎসৱত খেলুৱৈ, প্ৰশিক্ষক, ক্ৰীড়া সংগঠক আৰু অভিভাৱকসকলৰ উৎসাহী উপস্থিতিয়ে ষ্টেডিয়ামখন সজীৱ কৰি তোলে। শৃংখলাবদ্ধ আৰু সুন্দৰ পৰিৱেশত প্ৰতিযোগিতা সম্পন্ন কৰাৰ বাবে আয়োজক কমিটিক সকলো মহলে প্ৰশংসা কৰে।
সমাপনী অনুষ্ঠানত বিজয়ী খেলুৱৈসকলক পদক, ট্ৰফী আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। আয়োজকসকলে কয় যে, তৃণমূল পৰ্যায়ৰ প্ৰতিভাসমূহ চিনাক্ত কৰি ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়লৈ আগুৱাই নিয়াই যোৱাই এই প্ৰতিযোগিতাৰ মূল উদ্দেশ্য।
মৰিগাঁও জিলাত ক্ৰীড়া সংস্কৃতি অধিক শক্তিশালী কৰাৰ লগতে নতুন প্ৰজন্মৰ খেলুৱৈসকলক অনুপ্ৰাণিত কৰাৰ ক্ষেত্ৰত এই আন্তঃক্লাব এথলেটিকছ মিটে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে। সফল আয়োজনৰ মাজেৰে মৰিগাঁও ডিষ্ট্ৰিক্ট স্প'ৰ্টছ এছ'চিয়েশ্যনৰ ইণ্টাৰ ক্লাব এথলেটিকছ মিট-২০২৬ আনন্দমুখৰ পৰিৱেশত সামৰণি পৰে।

Post a Comment