বাখৰবড়ীত ভাগৱত পাঠ-ব‍্যাখ্যা আৰু বাৰ্ষিক মহানাম সফল সমাপ্তি


 বাখৰবড়ীত ভাগৱত পাঠ-ব‍্যাখ্যা আৰু বাৰ্ষিক মহানাম  সফল সমাপ্তি

মৰিগাঁও জিলাৰ বাখৰবড়ী বুঢ়াগোহাঁই থান পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত বাৰ্ষিক মহানাম, ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আনন্দমুখৰ পৰিৱেশত সফলভাৱে সমাপ্ত হয়।ভক্তপ্ৰাণ ৰাইজৰ উৎসাহ-উদ্দীপনা আৰু ব্যাপক অংশগ্ৰহণে সমগ্ৰ অঞ্চলটোক এক আধ্যাত্মিক মিলনক্ষেত্ৰলৈ ৰূপান্তৰিত কৰে। অনুষ্ঠানৰ প্ৰথম দিনা পুৱা নাগৰিক সমিতিৰ সভাপতি জৱহৰলাল হাজৰিকাই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে। তাৰ পিছতে থান পৰিচালনা সমিতিৰ সভাপতি গোলোক কৈৱৰ্ত্তয়ে ধৰ্মধ্বজা উত্তোলন কৰে। পূজাৰী নগেন শইকীয়াই শৰাই স্থাপন কৰাৰ পিছত ভক্তসকলক আদৰণি জনায় থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি মহেশ কুমাৰ দাসে। দ্বিতীয় দিনাৰ কাৰ্যসূচীত মহানাম প্ৰসঙ্গ, ভাগৱত পাঠ আৰু ব্যাখ্যাই ভক্তসকলক গভীৰভাৱে আকৰ্ষিত কৰে। বুঢ়াগোহাঁই থানৰ চৌহদৰ পৰা মূল প্ৰৱেশদ্বাৰলৈ বন্তি প্ৰজ্বলনে অনুষ্ঠানস্থলীত এক অপূৰ্ব ভক্তিময় পৰিৱেশ সৃষ্টি কৰে বিশেষকৈ আমন্ত্ৰিত মঙ্গলদৈ পুবেৰুন দিহানাম দলৰ মুখ্য নামটি কুইন হাজৰিকা আৰু তেওঁৰ সংগীবৃন্দৰ সুৰীয়া দিহানামে সমগ্ৰ অঞ্চলটো আধ্যাত্মিক অনুভূতিৰে মুখৰিত কৰি তোলে। “হৰি নাম”ৰ ধ্বনিৰে বাখৰবড়ী যেন দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হয়। দুদিনীয়া এই ধৰ্মীয় অনুষ্ঠানত ভক্তপ্ৰাণ ৰাইজৰ ব্যাপক সমাগমে অনুষ্ঠানটোৰ সফলতা আৰু সামাজিক ঐক্যৰ সুন্দৰ নিদৰ্শন দাঙি ধৰে।

Post a Comment

Previous Post Next Post